অসম

assam

Balasore train accident : ভুৱনেশ্বৰলৈ ৰাওনা এইমছৰ বিশেষজ্ঞ চিকিৎসকৰ দল

By

Published : Jun 4, 2023, 2:23 PM IST

Balasore train accident

বালাছোৰৰ দুৰ্ঘটনাত ১০০০ ৰো অধিক লোক আহত হৈছে (Balasore train accident)। এতিয়াও ওড়িশাৰ বিভিন্ন হাস্পতালত চিকিৎসাধীন হৈ আছে ৩০০ ৰো অধিক লোক । লোকসকলৰ উন্নত চিকিৎসাৰ বাবে এইমছৰ এটা বিশেষজ্ঞ চিকিৎসকৰ দল ভুৱনেশ্বৰলৈ ৰাওনা হৈছে ।

নেশ্যনেল ডেস্ক,৪ জুন :বালাছোৰৰ ৰে'ল দুৰ্ঘটনাত আহতসকলৰ উন্নত চিকিৎসাৰ বাবে তৎপৰ হৈছে কেন্দ্ৰীয় চৰকাৰ । কেন্দ্ৰীয় চৰকাৰৰ নিৰ্দেশত নতুন দিল্লীৰ অল ইণ্ডিয়া ইনষ্টিটিউট অৱ মেডিকেল চাইন্সেছৰ (এইমছ) চিকিৎসক আৰু বিশেষজ্ঞৰ এটা দল ওড়িশাৰ ভুৱনেশ্বৰ লৈ ৰাওনা হৈছে (AIIMS team rushes to Bhubaneswar)। ভাৰতীয় বায়ু সেনাৰ এখন বিশেষ বিমানেৰে দলটোক ভুৱনেশ্বৰলৈ ৰাওনা হৈছে । প্ৰশাসনৰ উচ্চ পদস্থ বিষয়াই এই কথা ঘোষণা কৰিছে ।

প্ৰশাসনৰ মতে দলটোত নতুন দিল্লীৰ অন্যান্য কেন্দ্ৰীয় চিকিৎসালয়ৰ চিকিৎসক আৰু বিশেষজ্ঞও আছে । দলটোৱে ঔষধ আৰু অন্যান্য গধুৰ গুৰুত্বপূৰ্ণ চিকিৎসা সামগ্ৰীও লৈ গৈছে (Delhi AIIMS doctor team in Bhubaneswar)।

ইফালে, কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰী মনসুখ মাণ্ডৱিয়াও ভুৱনেশ্বৰত উপস্থিত হৈছে আৰু তেওঁ দেওবাৰে এইমছ ভুৱনেশ্বৰ আৰু কটক চিকিৎসা মহাবিদ্যালয় পৰিদৰ্শন কৰি ৰে'ল দুৰ্ঘটনাত নিহতসকলক প্ৰদান কৰা চিকিৎসাৰ বুজ ল'ব (Union health minister in Odisha)। ইয়াৰ পূৰ্বে, ৰে'ল দুৰ্ঘটনাস্থলীত সাহায্য অভিযানত সহায় কৰিবলৈ এইমছ ভুৱনেশ্বৰৰ চিকিৎসকসকলক বালাছোৰ আৰু কটকলৈ প্ৰেৰণ কৰা হৈছিল । প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে শনিবাৰে দুৰ্ঘটনাস্থলী পৰিদৰ্শন কৰিছিল । তেওঁ আশ্বাস দিছিল যে দোষীসকলক শাস্তি দিয়া হ'ব ।

উল্লেখ্য যে এই ভয়ংকৰ ৰে'ল দুৰ্ঘটনাটো কলকাতাৰ পৰা প্ৰায় ২৫০ কিলোমিটাৰ দক্ষিণে আৰু ভুৱনেশ্বৰৰ পৰা ১৭০ কিলোমিটাৰ উত্তৰে বালাছোৰৰ বাহানাগা বজাৰ ষ্টেচনৰ সমীপত সংঘটিত হৈছিল (Balasore train accident)। ক'ৰ'মণ্ডল এক্সপ্ৰেছ, বেংগালুৰু-হাওৰা চুপাৰফাষ্ট এক্সপ্ৰেছ আৰু এখন মালবাহী ৰে'লৰ মাজত হোৱা এই দুৰ্ঘটনাটোত এতিয়ালৈকে ২৮৮ গৰাকী যাত্ৰীৰ মৃত্যু হৈছে ।

ভাৰতীয় ৰে'লৰ ইতিহাসত এয়া চতুৰ্থটো আটাইতকৈ ভয়ংকৰ দুৰ্ঘটনা । য'ত ১,১০০ ৰো অধিক লোক আহত হৈছে (Injured in Balasore train accident)। নিহতৰ পৰিয়াল আৰু আহতসকললৈ ইতিমধ্যে চৰকাৰে আৰ্থিক সাহায্য ঘোষণা কৰিছে । ঘটনাৰ উচ্চ পৰ্যায়ৰ তদন্তও অব্যাহত ৰাখিছে প্ৰশাসনে ।

লগতে পঢ়ক :Odisha train accident : দুৰ্ঘটনাস্থলীত কংগ্ৰেছ নেতা অধীৰ ৰঞ্জন চৌধুৰী, উদ্ধাৰকাৰীক প্ৰশংসা

ABOUT THE AUTHOR

...view details