অসম

assam

Odisha train accident : গাইছাল ৰে’ল দুৰ্ঘটনাৰ ভয়াৱহতাৰ বহু স্মৃতি সুঁৱৰি আজিও আৱেগিক পিন্টু ৰায়

By

Published : Jun 4, 2023, 9:50 AM IST

Odisha train accident

২৪ বছৰ পাৰ হৈ যোৱাৰ পাচতো গাইছাল ৰে’ল দুৰ্ঘটনাৰ ভয়াৱহতাৰ বহু স্মৃতি মচিব পৰা নাই বহুলোক । ওড়িশাৰ বালাচোৰৰ (Odisha train accident) দৰে ১৯৯৯ চনত পশ্চিমবংগৰ শিলিগুৰি গাইছালত সংঘটিত হৈছিল ভয়ংকৰ ৰে’ল দুৰ্ঘটনা ৷ সেই ৰে’ল দুৰ্ঘটনাৰ বৰ্ণনা দিলে শিলিগুৰি স্বেচ্ছাসেৱী ৰক্তদাতা সন্থাৰ আহ্বায়ক পিন্টু ৰায়ে (Gaisal survivor recalls 24 years old horror) ৷

নেশ্যনেল ডেস্ক, ৪ জুন : প্ৰায় ২৪ টা বছৰৰ আগৰ কথা ৷ ওড়িশাৰ দৰে কান্দোনৰ ৰোল উঠিছিল পশ্চিমবংগৰ শিলিগুৰিত ৷ ১৯৯৯ চনৰ ১ আগষ্টৰ কথা ৷ ওড়িশাৰ বালাচোৰৰ দৰে শিলিগুৰিৰ গাইছালত সংঘটিত হৈছিল ৰে’ল দুৰ্ঘটনা (Gaisal survivor) ৷ য’তে-ত’তে তাচপাতৰ দৰে পৰি ৰৈছিল মৃতদেহ (Pintu Roy is a resident of Milanpally in Siliguri) ৷

কোনোবাই যদি দুৰ্ঘটনাৰ যান্ত্ৰণাত কান্দিছিল, কোনোবাই আকৌ কৰিছিল প্ৰাণৰ ভিক্ষা ৷ আন কোনোবাই আকৌ শাৰী শাৰীকৈ থকা মৃতদেহৰ মাজত বিচাৰি ফুৰিছিল নিজৰ আত্মীয়ক ৷ অভিশপ্ত ১৯৯৯ চনৰ ১ আগষ্টৰ কথা সুঁৱৰি আজিও কঁপি উঠে বহুজন ৷ ২৪ বছৰৰ পাচতো গাইছালৰ ৰে’ল দুৰ্ঘটনাৰ স্মৃতিৰ পৰা মচিব পৰা নাই বহুতে (Gaisal survivor recalls 24 years old horror) ।

ইয়াৰে ভিতৰত অন্যতম পিন্টু ৰায় ৷ পিন্টু ৰায় হৈছে শিলিগুৰিৰ মিলনপল্লীৰ বাসিন্দা । তেওঁ শিলিগুৰি স্বেচ্ছাসেৱী ৰক্তদাতা সন্থাৰ আহ্বায়ক । অইন দিনাৰ দৰে নিজৰ কৰ্মত ব্যস্ত আছিল পিন্টু ৰায় ৷ কিন্তু হঠাতে তেওঁ খবৰ পালে যে গাইছালত সংঘটিত হৈছে এক ভয়াৱহ ৰে’ল দুৰ্ঘটনা ৷ এই ঘটনাটো ইমানেই ভয়াৱহ আছিল যে তাক শব্দৰে প্ৰকাশ কৰিব নোৱাৰি ৷

এখন ৰে’লগাড়ী আন এখন ৰে’লগাড়ীৰ ওপৰত উঠি গৈছিল ৷ ফলত দুয়োখন ৰে’লগাড়ীত লাগি গৈছিল জুই ৷ সেই জুইত জীৱন্তে বহু লোক অগ্নিদগ্ধও হৈছিল ৷ সেই বাতৰি লাভ কৰিয়েই পিন্টু ৰায় আৰু তেওঁৰ কেবাজনো বন্ধুৱে দৌৰি দৌৰি উক্ত স্থানত উপস্থিত হৈছিলগৈ ৷

তাৰ পাচতে পিন্টু ৰায় আৰু তেওঁৰ কেবাজনো সহযোগীয়ে উদ্ধাৰ কৰে ৰে’ল দুৰ্ঘটনাত পতিত হোৱা বহু লোকক ৷ তেজেৰে ৰাঙল হৈ পৰিছিল শিলিগুৰি ৷ আনকি আজি ওড়িশাৰ দৰে ১৯৯৯ চনৰ ১ আগষ্টৰ দিনাও শিলিগুৰিৰ চিকিৎসালয়তো বহু লোকে ৰক্তদান কৰিবলৈ ভিৰ কৰিছিলহি ৷

লগতে পঢ়ক :Triple train crash in Odisha : আহত যাত্ৰীক বিনামূলীয়াকৈ চিকিৎসা প্ৰদান কৰাৰ নিৰ্দেশ ওড়িশা চৰকাৰৰ

ABOUT THE AUTHOR

...view details