অসম

assam

ETV Bharat / bharat

‘মোৰ জীৱনটো এখন খোলা কিতাপৰ দৰে’ : ৰাম মন্দিৰ বিতৰ্কৰ মাজতে মুখ খুলিলে চম্পত ৰায়ে

এছআইটিৰ অন্তৱৰ্তীকালীন প্ৰতিবেদন ৰাজহুৱা কৰাত আপত্তি ৰাম মন্দিৰ ট্ৰাষ্টৰ প্ৰাক্তন সাধাৰণ সম্পাদক চম্পত ৰায়ৰ ৷ বিপৰীতে প্ৰতিবেদনখন অতি গোপনীয় হোৱাৰ পোষকতা ৷

Controversy At Ram Temple
চম্পত ৰায় (ANI)

By ETV Bharat Assamese Team

Published : July 8, 2026 at 1:15 AM IST

অযোধ্যা(উত্তৰ প্ৰদেশ):সময় বাগৰিলেও অযোধ্যাৰ ৰাম মন্দিৰ বিতৰ্কৰ অন্ত পৰা নাই ৷ এই বিতৰ্কত নাম সাঙোৰ খোৱা শ্ৰীৰাম জন্মভূমি তীৰ্থক্ষেত্ৰ ট্ৰাষ্টৰ প্ৰাক্তন সাধাৰণ সম্পাদক চম্পত ৰায়ে অৱশেষত মুখ খুলিছে ৷ দীৰ্ঘদিনে প্ৰতিক্ৰিয়া প্ৰকাশৰ পৰা বিৰত থকা চম্পত ৰায়ে পদত্যাগ কৰাৰ পিছত মঙলবাৰে প্ৰথমবাৰৰ বাবে বিষয়টোত প্ৰতিক্ৰিয়া প্ৰকাশ কৰে ৷

সকলোৰে চিৰ পৰিচিত এশাৰী বাক্য হৈছে ‘মোৰ জীৱনটো খোলা কিতাপৰ দৰে’ ৷ সেই একেটি বাক্যকে আশ্ৰয় হিচাপে লৈ চম্পত ৰায়ে কয় যে তেওঁৰ জীৱনটো এখন খোলা কিতাপৰ দৰে ৷ অযোধ্যাৰ ৰাম মন্দিৰৰ বাবে লাভ কৰা অনুদানৰ অপব্যৱহাৰৰ অভিযোগ সন্দৰ্ভত তেওঁ দীৰ্ঘদিনে মৌনতা অৱলম্বন কৰি আহিছিল ৷

ৰাম মন্দিৰৰ অনুদান বিতৰ্ক আৰম্ভ হোৱাৰ পিছত এয়া ৰায়ৰ প্ৰথমটো প্ৰতিক্ৰিয়া ৷ সমগ্ৰ দেশতে ধুমুহাৰ দৰে বিয়পি পৰা এই বিষয়টোৰ উচিত তদন্তৰ বাবে বিশেষ তদন্তকাৰী গোট(এছআইটি) গঠন কৰা হৈছে । সোমবাৰে ৰায় আৰু ট্ৰাষ্টৰ অন্যতম সদস্য অনিল মিশ্ৰৰ পদত্যাগ গ্ৰহণ কৰাৰ পিছত কৃষ্ণমোহনক ট্ৰাষ্টৰ ভাৰপ্ৰাপ্ত সাধাৰণ সম্পাদক হিচাপে নিযুক্তি দিয়া হয় ।

প্ৰতিক্ৰিয়া ব্যক্ত কৰাৰ সমান্তৰালকৈ ৰায়ে ইতিমধ্যে ৰাজহুৱা হোৱা এছআইটিৰ অন্তৱৰ্তীকালীন প্ৰতিবেদনক লৈ আপত্তি দৰ্শায় ৷ তেওঁৰ মতে এই প্ৰতিবেদন অতিকৈ গোপনীয় হোৱা উচিত আছিল ৷ তেওঁ কয়, ‘‘মই আপোনালোকক আশ্বস্ত কৰিছো যে এবাৰ এছআইটিৰ চূড়ান্ত প্ৰতিবেদন প্ৰকাশ পোৱাৰ পিছত মই মোৰ বিৰুদ্ধে প্ৰচাৰিত প্ৰতিটো অভিযোগৰ উত্তৰ দিম ৷ তেতিয়াই সত্য পোহৰলৈ আহিব ।’’

বিশ্ব হিন্দু পৰিষদৰ আন্তঃৰাষ্ট্ৰীয় উপ-সভাপতি চম্পত ৰায়ে কয়, ‘‘সংগঠনে মোক ১৯৯১ চনত অযোধ্যালৈ পঠিয়াইছিল । যোৱা ৪৫ বছৰত প্ৰচাৰক হিচাপে মোৰ জীৱন, য'তেই নাথাকো কিয় এখন খোলা কিতাপৰ দৰেই হৈ আহিছে ।’’

উল্লেখ্য যে, বিতৰ্কৰ পৰা সাৰি নগ’ল খোদ ভগৱান ৰাম ৷ অযোধ্যাস্থিত ৰাম মন্দিৰত ভক্তসকলে দান কৰা নগদ ধন আৰু মূল্যৱান সা-সামগ্ৰীৰ অপব্যৱহাৰ আৰু চুৰিৰ অভিযোগে সমগ্ৰ দেশতে আলোড়নৰ সৃষ্টি কৰিছে । অহা বছৰৰ আৰম্ভণিতে উত্তৰ প্ৰদেশত নিৰ্বাচন অনুষ্ঠিত হোৱাৰ কথা । যাৰ বাবে এই বিষয়টোৱে আৰু অধিক তাৎপৰ্য লাভ কৰিছে ৷ বিগত দশক ধৰি বিজেপিৰ দুৰ্গ হিচাপে পৰিচিত ৰাজ্যখনতে ৰাম মন্দিৰক কেন্দ্ৰ কৰি বিতৰ্কৰ সূচনা হৈছে ৷ মন্দিৰটোৰ সৈতে জড়িত আবেগে দলটোৰ নিৰ্বাচন জয়ৰ ক্ষেত্ৰত ধাৰাবাহিকভাৱে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে ।

লগতে পঢ়ক:ৱায়ানাডৰ ভূমিস্খলনত বহিঃৰাজ্যৰ তিনি শ্ৰমিকৰ মৃত্যু, মুখ্যমন্ত্ৰীৰ শোকপ্ৰকাশ