ETV Bharat / entertainment

কাঁ মহোৎসৱত কাৰ সাজ চকুত লাগিল সোনম কাপুৰৰ ? - Nancy Tyagi cannes look

author img

By ETV Bharat Entertainment Team

Published : May 21, 2024, 2:21 PM IST

Sonam Kapoor Nancy Tyagi: বলীউডৰ অভিনেত্ৰী সোণম কাপুৰে নেন্সী ত্যাগীৰ কাঁ মহোৎসৱৰ লুকটোৰ প্ৰশংসা কৰে । আপোনালোকে জানেনে কোন এইগৰাকী সুন্দৰী, যাৰ চৰ্চা এতিয়া বলীউডত হৈ আছে ?

Nancy Tyagi
অভিনেত্ৰী সোণম কাপুৰ আৰু নেন্সী ত্যাগী (etv bharat)

চিটাৰা ডেস্ক, 21 মে’ : বলীউডৰ বহু সংখ্যক তাৰকা এতিয়া ব্যস্ত হৈ আছে কাঁ চলচ্চিত্ৰ মহোৎসৱৰ 77 সংখ্যক সংস্কৰণত ৷ সকলোৱে নিজৰ আকৰ্ষণীয় লুকেৰে কাঁ ত মায়াজাল বিয়পাইছে ৷ কিন্তু এই তাৰকাসকলৰ মাজতে এতিয়া চৰ্চালৈ আহিছে এগৰাকী বিশেষ ব্যক্তি ৷ অভিনেত্ৰী সোনম কাপুৰেও প্ৰশংসা কৰিছে তেওঁৰ ৷

নেন্সী ত্যাগী, এইগৰাকী ব্যক্তিক প্ৰশংসা কৰি সোনমে শ্বেয়াৰ কৰিছে ইনষ্টাগ্ৰাম ষ্ট’ৰী ৷ মহোৎসৱৰ পৰা নেন্সীৰ লুকটোৰ প্ৰশংসা কৰি সোনমে তেওঁক এটা বিশেষ অনুৰোধো জনাইছে ৷ নিজৰ ফেশ্বন ষ্টেটমেন্টৰ বাবে পৰিচিত সোনমে শাৰী লুকটোৰ আভাস শ্বেয়াৰ কৰি তেওঁ নিজৰ ইনষ্টাগ্ৰাম ষ্ট’ৰীত নেন্সীৰ ৰীলছ শ্বেয়াৰ কৰে ।

সোনমে নেন্সীক প্ৰশংসা কৰি ক’লে, ‘কাঁ ৰ শ্ৰেষ্ঠ সাজ ।’ অভিনেত্ৰীগৰাকীয়ে নেন্সীক তেওঁৰ বাবে এটা আউটফিট ডিজাইন কৰিবলৈ অনুৰোধ কৰি কয়, ‘নেন্সী ত্যাগী, মোৰ বাবে কিবা এটা বনাওক’।

নেন্সীয়ে সোমবাৰে তেওঁৰ ইনষ্টাগ্ৰাম একাউণ্টত এটা ৰীলছ পোষ্ট কৰে, য'ত তেওঁ কাঁ চলচ্চিত্ৰ মহোৎসৱত তেওঁৰ ফেশ্বন যাত্ৰাৰ বিষয়ে তথ্য শ্বেয়াৰ কৰে ৷ মহোৎসৱত পৰিধান কৰা দ্বিতীয় পোছাকৰ আঁৰৰ ৰহস্যটো প্ৰকাশ কৰে নেন্সীয়ে । শিৰোনামটোত তেওঁ লিখে, 'কাঁ চলচ্চিত্ৰ মহোৎসৱৰ মোৰ দ্বিতীয় পোছাক, যিটো মই এটা বিশেষ অনুষ্ঠানত পিন্ধিছিলো । এই গোটেই ড্ৰেছটো মই বনাইছিলো । এই সাজটো জটিল, হাতেৰে কৰা এম্ব্ৰইডাৰী থকা শাৰী । প্ৰতিটো টুকুৰা মোৰ দ্বাৰা সাৱধানে তৈয়াৰ কৰা হৈছিল ।"

Sonam Kapoor praises Nancy Tyagi's Cannes look
সোনম কাপুৰৰ ইনষ্টাগ্ৰাম ষ্ট’ৰী (etv bharatsonam kapoor insta story)

প্ৰভাৱশালী নেন্সী ত্যাগীয়ে ২০২৪ চনৰ কাঁ চলচ্চিত্ৰ মহোৎসৱত প্ৰভাৱ পেলাইছে । মহোৎসৱৰ ৰেড কাৰ্পেটত তেওঁৰ প্ৰথম লুকটোৱে, য'ত তেওঁ নিজে ডিজাইন কৰা গুলপীয়া ৰঙৰ এটা গাউন পিন্ধিছিল, সকলোৰে পৰা প্ৰশংসা অৰ্জন কৰিবলৈ সক্ষম হয় । মহোৎসৱৰ দ্বিতীয় দিনৰ লুকটোৰ বাবেও তেওঁ নিজ হাতেৰে নিৰ্মিত, এখন আকৰ্ষণীয় শাৰী পিন্ধিছিল ।

নেন্সী ত্যাগী কোন ?

নেন্সী ত্যাগী উত্তৰ প্ৰদেশৰ বৰনৱাৰ বাসিন্দা । তেওঁ চেলেব্ৰিটীসকলৰ দ্বাৰা পিন্ধা পোছাক পুনৰ নিৰ্মাণ কৰা ভিডিঅ’বোৰৰ বাবে বিখ্যাত হৈ পৰিছে । বিগত বছৰবোৰত, নেন্সী ত্যাগীয়ে দীপিকা পাডুকন আৰু আলিয়া ভট্টকে ধৰি চেলেব্ৰিটীসকলে পিন্ধা কেইবাটাও ডিজাইনাৰ পোচাক কপি কৰিছে ।

ইফালে কাঁ চলচ্চিত্ৰ মহোৎসৱত বলীউডৰ অভিনেত্ৰী জেকলিন ফাৰ্ণাণ্ডেজে পিন্ধে এখন সুন্দৰ জিলিকি থকা শাৰী । জেকলিনৰ উপৰিও কাঁ ৰ সুন্দৰী ঐশ্বৰ্য ৰায়ৰ সৈতে এইবাৰ চলচ্চিত্ৰ মহোৎসৱত অংশগ্ৰহণ কৰে কিয়াৰা আদৱানী আৰু শোভিতা ধূলিপালাই । এই উৎসৱত ভাৰতক প্ৰতিনিধিত্ব কৰিব অদিতি ৰাও হায়দাৰীয়েও । ২৫ মে’ত শেষ হ’ব কাঁ চলচ্চিত্ৰ মহোৎসৱৰ ৭৭ সংখ্যক সংস্কৰণ ।

লগতে পঢ়ক : চলচ্চিত্ৰ মহোৎসৱত কাষ্টম মেড ৰ’জ গোল্ড গাউনত জেকলিন ফাৰ্ণাণ্ডেজৰ মায়া - Jacqueline Fernandez at cannes 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.