ETV Bharat / bharat

আজিৰ দিনটোৰ ৰাশিফল - Daily Horoscope For 11th April

author img

By ETV Bharat Assamese Team

Published : Apr 11, 2024, 12:17 AM IST

Updated : Apr 11, 2024, 1:07 PM IST

Daily Horoscope For 11th April: কেনে যাব আপোনাৰ আজিৰ দিনটো ? জানিবলৈ চাওক আজিৰ দিনটোৰ ৰাশিফল...

Daily Horoscope For 11th April
আজিৰ দিনটোৰ ৰাশিফল

মেষ ৰাশি : আজিৰ দিনটো উত্‍সাহ-উদ্দীপনাৰে আৰম্ভ কৰিব । মানসিক আৰু শাৰীৰিকভাৱে সুস্থ থাকিব । আপোনাৰ বন্ধু আৰু প্ৰিয়জনক লগ কৰক । বিয়লি ভাগলৈ পৰিয়ালৰ লোকৰ সৈতে বিবাদ হোৱাৰ সম্ভাৱনা আছে । অধিক ভোজন নকৰিব । আগ্ৰাসী নহ’বলৈ কথা-বতৰাত নিয়ন্ত্ৰণ ৰাখক । পেছাগত আৰু সামাজিক দিশতে নৈৰ্ব্যক্তিক মনোভাৱ ৰক্ষা কৰি চলক।

বৃষ ৰাশি : আপোনাৰ বিভ্ৰান্ত মনে আপোনাক সমস্যাত পেলাব । আপোনাৰ পানীলগা-কাঁহ-জ্বৰ হ’ব পাৰে । ধৰ্মীয় কাৰ্যত ব্যয় হ’ব । প্ৰিয়জনৰ লগত বিচ্ছেদ হোৱাৰ সম্ভাৱনা আছে । বন্ধু আৰু আত্মীয়-স্বজনৰ সৈতে সাক্ষাৎ হ’ব পাৰে । ঘৰুৱা পৰিৱেশ উত্‍সাহপূৰ্ণ হৈ থাকিব ৷

মিথুন ৰাশি : বন্ধুৰপৰা উপকৃত হ’ব পাৰে । নতুন ব্যক্তিৰ সৈতে বন্ধুত্ব হ’ব পাৰে । আৰ্থিক দিশত শুভ ৷ সৰুসুৰা ভ্ৰমণৰ যোগ আছে । আনৰ কামত বা বিষয়ত হেতা ওপৰা কৰাৰপৰা দূৰত থাকক। আৰ্থিক লেনদেন সম্পৰ্কীয় বিষয়ত সাৱধানে হওক ৷

কৰ্কট ৰাশি : আপুনি নিজৰ পেছা আৰু ব্যক্তিগত বিষয়ৰ গুৰুত্বপূৰ্ণ দিশবোৰ লৈ আলোচনা কৰক। অতিৰিক্ত কামৰ হেঁচাত আপুনি ভাগৰিব পাৰে ৷ বন্ধুক লগ কৰক ৷ সৰু ভ্ৰমণৰ যোগ আছে । সামাজিক কামত ব্যস্ত থাকিব পাৰে ৷

সিংহ ৰাশি : আপুনি হয়তো উদ্বিগ্ন হৈ থাকিব পাৰে ৷ মানসিক আৰু শাৰীৰিকভাৱেও ভাগৰুৱা হৈ থাকিব । আগ্ৰাসী মনোভাৱক ক্ষান্ত কৰি ৰাখক। অপ্ৰীতিকৰ পৰিৱেশ সৃষ্টি হ’ব পাৰে । কাৰ্যালয়ত আপুনি উৰ্ধতনসকলৰ সৈতে গুৰুত্বপূৰ্ণ বিষয় লৈ আলোচনা কৰক ৷

কন্যা ৰাশি: অধিবিদ্যাৰ প্ৰতি আকৃষ্ট হোৱাৰ সম্ভাৱনা আছে। কাজিয়া এৰাই চলিবলৈ কথা-বতৰাত নিয়ন্ত্ৰণ ৰাখক । আপোনাৰ স্বাস্থ্যৰ অৱনতি হ’ব পাৰে । সৰু ভ্ৰমণৰ পৰিকল্পনা কৰিব পাৰে।

তুলা ৰাশি: কৰ্মক্ষেত্ৰ আৰু আন বিভিন্ন ক্ষেত্ৰৰপৰা প্ৰশংসা লাভ কৰিব পাৰে । প্ৰিয়জনৰ সৈতে সাক্ষাৎ হ’ব । দাম্পত্য জীৱনত শুভ । নিজৰ কথা-বতৰা আৰু আচৰণত নিয়ন্ত্ৰণত ৰাখক। সম্ভৱ হ’লে ভ্ৰমণ এৰাই চলক। আধ্যাত্মিক কাৰ্যকলাপৰ যোগ আছে।

বৃশ্চিক ৰাশি : ব্যস্ততাপূৰ্ণ দিন । কৰ্মক্ষেত্ৰত লাভৰ সম্ভাৱনা আছে । আজি আপুনি অধিক মানুহক লগ পাব ৷ জ্ঞান লাভ কৰিব ৷ দাম্পত্য জীৱন সুখৰ হ’ব ৷ সামাজিক ক্ৰিয়া-কলাপ প্ৰশংসিত হ’ব। প্ৰিয়জনৰ লগত সুখৰ সময় পাৰ কৰিব ৷

ধনু ৰাশি : যি পৰিমাণ কঠোৰ পৰিশ্ৰম কৰিব, তাতকৈ কম ফল লাভ কৰিবল । আপুনি মানসিক আৰু শাৰীৰিকভাৱে কিছু সকাহ পাব পাৰে । দিনটো আপুনি বন্ধু আৰু পৰিয়ালৰ লোকৰ সৈতে আনন্দেৰে কটাব । আজি আপুনি ধৰ্ম আৰু দান কৰক । আৰ্থিক লাভৰ যোগ আছে ।

মকৰ ৰাশি : অত্যধিক আবেগিক হৈ নপৰিব । সম্পত্তি আৰু ভূমি সম্বন্ধীয় বিষয় এৰাই চলক । মানসিক অস্থিৰতাত ভুগিব পাৰে, স্বাস্থ্যৰ প্ৰতি চকু ৰাখক । নমনীয় হওক। সন্তানক লৈ দুশ্চিন্তাত ভুগিব । সম্ভৱ হ’লে ভ্ৰমণ এৰাই চলক।

কুম্ভ ৰাশি : নতুন পৰিকল্পনা হাতত ল’ব পাৰে ৷ গুৰুত্বপূৰ্ণ বিষয়ৰ ক্ষেত্ৰত খৰধৰকৈ কোনো সিদ্ধান্ত নল’ব । মধ্যাহ্ন অথবা সন্ধিয়াৰ পিচত পৰিস্থিতি সলনি হ’ব । আৰ্থিক দিশত দুৰ্বল । কোনোবাই আপোনাক মনত আঘাত দিব পাৰে। সম্পত্তি সম্বন্ধীয় বিষয় এৰাই চলক। আধ্যাত্মিকতাই আপোনাৰ উদ্বেগ হ্ৰাস কৰিব ।

মীন ৰাশি : অলপ ক্ষতিকাৰক হ’ব পাৰে ৷ অত্যধিক আৰ্থিক ব্যয় হ’ব পাৰে ৷ কথা কওঁতে সচেতন হওক; অপ্ৰত্যাশিত পৰিস্থিতিৰ উদ্ভৱ হ’ব পাৰে । কৰ্মস্থলীত সহকৰ্মীৰ পৰা কঠোৰ প্ৰতিদ্বন্দ্বিতাৰ সন্মুখীন হ’ব পাৰে । বিভ্ৰান্ত মনত দ্বিধা উত্‍পন্ন হ’ব পাৰে ৷ সঠিক সিদ্ধান্ত লওক ৷

Last Updated : Apr 11, 2024, 1:07 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.